জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানুৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি!

জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানুৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি!

October 16, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানুৰ দেহত ধৰা পৰিছে কভিড-১৯।

বৃহস্পতিবাৰে শিল্পীগৰাকীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ।

ফেচবুকযোগে শিল্পীগৰাকীয়ে নিজেই কৰ’ণাত আক্ৰান্ত হোৱাৰ সদৰি কৰিছে।

বৰ্তমান হোম কোৱাৰেন্টাইনত আছে শিল্পীগৰাকী।

বিভিন্নজন অনুৰাগীয়ে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।