জনপ্ৰিয় ‘তেলচুৰা’ৰ জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ আৰু নাই !

জনপ্ৰিয় ‘তেলচুৰা’ৰ জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ আৰু নাই !

September 2, 2020 0 By NEWS DESK

ৰাজ্যবাসীৰ বাবে এক দুখৰ খবৰ।

জনপ্ৰিয় ‘তেলচুৰা’ৰ জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ আৰু নাই।

মঙলবাৰে নিশা ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা জিতুল ৰাজবংশীয়ে।

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকীয়ে।

জনপ্ৰিয় ‘তেলচুৰা’ৰ মাষ্টৰ চৰিত্ৰৰে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছিল অভিনেতাগৰাকীয়ে।

অভিনেতাগৰাকীৰ মৃত্যুক লৈ এতিয়া ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে বিভিন্ন জনে।