জন-ধন যোজনাৰ অধীনত খুলিল ৪੦ কােটি বেংক একাউন্ট!

জন-ধন যোজনাৰ অধীনত খুলিল ৪੦ কােটি বেংক একাউন্ট!

August 29, 2020 0 By NEWS DESK

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণক বেংকিং ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰাৰ উদ্দেশ্যেৰে প্ৰৱৰ্তন কৰা প্ৰধামন্ত্ৰী জনধন যোজনাই অতিক্ৰম কৰিলে ৬ বছৰ।

২০১৪ চনৰ স্বাধীনতা দিৱসৰ ভাষণত এই আঁচনিখনৰ কথা ঘোষণা কৰিছিল মােদীয়ে।

বিত্ত মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০২০ চনৰ ১৯ আগষ্টলৈকে এই আঁচনিৰ অধীনত খোলা একাউণ্টৰ সংখ্যা আছিল ৪০.৩৫ কোটি।

গ্ৰামাঞ্চলত এই আঁচনিৰ অধীনত ৬৩.৬ শতাংশ হৈছে মহিলাই খোলা একাউণ্ট।

উল্লেখ্য যে চৰকাৰৰ এই দূৰদৰ্শিতাপূৰ্ণ আঁচনিৰ বাবেই তলাবন্ধৰ সময়ত চৰকাৰী অনুদানৰ ধন পােনে পােনে লাভ কৰিলে দেশৰ কােটি কােটি জনসাধাৰণে।

ইয়াৰ উপৰিও কােনো দিনে বেংকৰ দুৱাৰডলি গচকি নােপােৱা দেশৰ দৰিদ্ৰ লােক বেংকিং ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছে।