জবকাৰ্ডৰ ধনৰ বিনিময়ত উৎকােচ দাবী কৰি ৰাইজৰ ৰােষত পৰিল ডুপ্লিকেট বিডিঅ’

জবকাৰ্ডৰ ধনৰ বিনিময়ত উৎকােচ দাবী কৰি ৰাইজৰ ৰােষত পৰিল ডুপ্লিকেট বিডিঅ’

September 14, 2020 0 By NEWS DESK

গ্ৰামাঞ্চলৰ সহজ-সৰল লােকক বিভিন্ন চৰকাৰী আঁচনিৰ প্ৰলােভন দি প্ৰবঞ্চনা কৰি আহিছে একাংশ দুৰ্বৃত্তই।

এইবাৰ নিজকে এজন খণ্ড উন্নয়ন বিষয়া বুলি দাবী কৰি জবকাৰ্ডৰ ধন মুকলি কৰাৰ বিনিময়ত উৎকােচ দাবী কৰি হাতে-লােটে ধৰা পৰিল এনে এজন প্ৰবঞ্চক।

এই প্ৰবঞ্চকজনক নাম হৈছে জমিৰুদ্দিন আহমেদ।

ঘৰ নলবাৰীৰ জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ১ নং লাৰকুছি গাঁৱত।

ধৃত জমিৰুদ্দিন আহমেদ

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত এলেকাত বিগত কিছুদিন ধৰি এই প্ৰবঞ্চকটােৱে জবকাৰ্ডৰ ধন মুকলি কৰি দিয়াৰ লগতে অসম্পূৰ্ণ হৈ থকা চৰকাৰী ঘৰৰ ধন আবন্টনৰ প্ৰলােভন দি উৎকােচ সংগ্ৰহ কৰি আহিছিল।

ৰবিবাৰেও প্ৰবঞ্চকটোৱে নাৰায়ণপাৰা আমবাৰী গাঁৱৰ কুঞ্জলোচন ৰায় নামৰ লােকজনৰ ঘৰত প্ৰৱেশ কৰে।

নিজকে বালিজানাৰ খণ্ড উন্নয়ন বিষয়া বুলি পৰিচয় দি পৰিয়ালৰ লােকৰ পৰা অসম্পূৰ্ণ ঘৰৰ ধন মোকোলাই দিয়াৰ বাবদ এহেজাৰ টকা বিচাৰে।

ইয়াতে সন্দেহ ওপজাত পৰিয়ালৰ লােকে প্ৰবঞ্চকটোক কৰায়ত্ত কৰি ৰাইজক খবৰ দিয়ে।

তাৰ পাছত ৰাইজে উপস্থিত হৈ জমিৰুদ্দিনক উত্তম মধ্যম সোধাই আগিয়া আৰক্ষী থানাত গোটাই দিয়ে।

আৰক্ষীয়ে প্ৰৱঞ্চক জনৰ পৰা নগত ৩ হাজাৰ টকা আৰু বিভিন্ন ব্যক্তিৰ নামৰ তিনিখন এটিএম কাৰ্ড উদ্ধাৰ কৰে।

লগতে প্ৰবঞ্চকটোৱে ব্যৱহাৰ কৰা AS-25-N-1304 নম্বৰৰ বাইকাে জব্দ কৰে।

পিছত অঞ্চলটোৰ ভুক্তভোগী ৰাইজে প্ৰৱঞ্চক জনৰ বিৰুদ্ধে আগিয়া থানাত এজাহাৰ দাখিল কৰে ।