জম্মু-কাশ্মীৰৰ নাউগামত আৰক্ষীৰ দলৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ ! দুজন ছহিদ…

জম্মু-কাশ্মীৰৰ নাউগামত আৰক্ষীৰ দলৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ ! দুজন ছহিদ…

August 14, 2020 0 By NEWS DESK

স্বাধীনতা দিৱসৰ ঠিক এদিন পূৰ্বেই সন্ত্ৰাসবাদীৰ ধাৰাষাৰ গুলীত নিহত আৰক্ষী ।

দেশৰ ৭৪ তম্ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংঘটিত হৈছে ভয়ংকৰ কুতাঘাট ।

শুকুৰবাৰে পুৱা সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলী চালনাত ছহিদ হ’ল দুজনকৈ জম্মু কাশ্মীৰ আৰক্ষীৰ জোৱান।

Image

আনহাতে গুৰুতৰ ভাৱে আহত হয় এজন জোৱান ।

শ্ৰী নগৰত সংঘটিত হৈছে এই ভয়ানক কুতাঘাট ।

আক্ৰমণৰ ঘটনাটোত চহিদ হোৱা আৰক্ষী কৰ্মী দুজনৰ এজন মহম্মদ আশ্রফ আৰু আনজন ইছফাক আহমদ বুলি চিনাক্ত কৰা হৈছে ।

কুতাঘাটৰ আঁৰত কোন আছে এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে ।

নাউগাম বাইপাছত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলী বৰ্ষণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে।

আক্ৰমণৰ পিছত আহত তিনিগৰাকী জোৱানক চিকিৎসালয়লৈ নিয়া হয় যদিও দুজনক মৃত ঘোষণা কৰে চিকিৎসকে ।

শনিবাৰে দেশে উদযাপন কৰিব লগা স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ই হৈ পৰিছে এতিয়া চৰম শংকাৰ কাৰণ