জম্মু-কাশ্মীৰৰ বাবে ৫টা অনুমোদিত ভাষাক অনুমতি প্ৰদান মোডী কেবিনেটৰ !

জম্মু-কাশ্মীৰৰ বাবে ৫টা অনুমোদিত ভাষাক অনুমতি প্ৰদান মোডী কেবিনেটৰ !

September 2, 2020 0 By NEWS DESK

জম্মু-কাশ্মীৰৰ বাবে ৫টা অনুমোদিত ভাষাক অনুমতি প্ৰদান মোডী কেবিনেটৰ।

সংসদত অনুমতি প্ৰদান কৰাৰ পিছতে উৰ্দু, ইংৰাজী, কাশ্মীৰী, ডোগৰী আৰু হিন্দী ভাষা জম্মু-কাশ্মীৰত চৰকাৰী ভাষা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে ক’লে যে মন্ত্ৰীমণ্ডলে জম্মু-কাশ্মীৰ চৰকাৰী ভাষা বিধেয়ক ২০২০ক অনুমতি প্ৰদান কৰিছে। এই সিদ্ধান্ত ৰাইজৰ দাবীত গ্ৰহণ কৰা হৈছে।

বৰ্তমান সময়ত জম্মু-কাশ্মীৰত ইংৰাজী আৰু উৰ্দু ৰাজ্যখনৰ চৰকাৰী ভাষা।

Jammu and Kashmir Reorganization Actৰ ধাৰা ৪৭ৰ অনুসৰি ৰাজ্যৰ বিধানসভাৰ অধিকাৰ আছে যিকোনো এটা বা অত্যাধিক ভাষাক চৰকাৰী ভাষা হিচাপে নিৰ্বাচন কৰা।