জাতি ৰক্ষাৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন ! বিজেপিত যোগদান ২৬ জনকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ…

জাতি ৰক্ষাৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন ! বিজেপিত যোগদান ২৬ জনকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ…

August 31, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

সমান্তৰালকৈ শিল্পী তথা একাংশ সংগঠনৰ নেতৃত্বৰ ৰাজনৈতিক দলত যোগদান কৰাৰ জোৱাৰ উঠিছে।

আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে কৃষক মুক্তিৰ ২৬গৰাকী নেতা-কৰ্মীয়ে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰে কৃষক মুক্তিৰ সদস্য কেইগৰাকীয়ে।

কৃষক মুক্তিৰ কোনে কোনে বিজেপিত যোগদান কৰিলে... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal

ইয়াৰ ভিতৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা লেখন হাজৰিকা, লক্ষীমপুৰ জিলাৰ কৃষক মুক্তিৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈ, লক্ষীমপুৰ জিলাৰ কৃষক মুক্তিৰ সভাপতি বাপধন মিৰি, সদস্য পংকজ গগৈ, ভূপেন মিৰি, ভুৱনেশ্বৰ দেউৰী, ৰাজু সোনোৱাল, ডিম্বেশ্বৰ হাজৰিকা, নেত্ৰ লিম্বু, ঠগিৰাম দাস অন্যতম।

ইয়াৰ বাহিৰে কৃষক মুক্তিৰ প্ৰগতিশীলৰ বিত্ত সম্পাদক হৰিণ্য হাজৰিকাই বিজেপিত যোগদান কৰে।

লগতে স্বপ্ন জ্যোতি হাজৰিকা, পূৰবী হাজৰিকা গগৈ, পাপীয়া দত্ত, মিনা চৌধুৰী, ৰাতুল বৰুৱা, বিতোপন বৈশ্য, অমৰ কলিতা, বিবেক শইকীয়া, পংকজ কবৈত্য, বিকাশ শইকীয়া, প্ৰদীপ দাস, পাঞ্জল ৰাজবংশী, ৰিংকু কলিতা, মৃণাল কলিতা, ৰিদীপ বণিয়া, বিকী নায়ক, গগন কলিতা, প্ৰণৱ দাস, সন্তক পাঠক, নেত্ৰ তামুলী।

সাম্প্ৰতিক সময়ত কৃষক মুক্তিৰ নেতাই বিজেপিত যোগদানৰ প্ৰসংগই বিশেষ তাৎপৰ্য বহন কৰিছে।