জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত অসমত উপলব্ধ হ’ব কৰ’ণাৰ ভেকচিন!

জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত অসমত উপলব্ধ হ’ব কৰ’ণাৰ ভেকচিন!

October 13, 2020 0 By NEWS DESK

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত অসমত উপলব্ধ হ’ব কৰ’ণাৰ ভেকচিন।

সংবাদমেলযোগে মঙলবাৰে এই কথা সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীয়ে কয়, ‘ভাৰত চৰকাৰে ভেকচিনৰ ব্যৱস্থা কৰিছে। তেওঁলোকে জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত ভেকচিনেশ্যনৰ প্ৰগ্ৰেম লোৱাৰ বাবে আমাৰ লগত যোগাযোগ কৰিছে।’

প্ৰথমাৱস্থাত সন্মুখৰ পৰা কৰ’ণা চিকিৎসাৰে জড়িত লোকৰ লগতে ৬০ বছৰৰ উৰ্ধৰ লোকক ভেকচিন দিয়া হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে কয়- ‘প্ৰথম ফ্ৰন্টলাইন ষ্টাফকে দিয়াৰ কথা ভাৰত চৰকাৰে কৈছে। ভেকচিনৰ ওপৰতে বহুত মিটিং, ভিডিঅ’ কনফাৰেন্স আদি হৈ আছে ভাৰত চৰকাৰৰ সৈতে। তাৰিখতো কোৱা নাই, জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত আমাক ভেকচিনেশ্যনৰ বাবে সাজু হবলৈ কৈছে। হয়তো জানুৱাৰীতো হ’ব পাৰে, ফেব্ৰুৱাৰীতো হ’ব পাৰে, মাৰ্চতো হ’ব পাৰে।’