জামিন আবেদন খাৰিজ, ২২ ছেপ্তেম্বৰলৈ কাৰাগাৰৰ বন্ধ কুঠৰীলৈ প্ৰেৰণ ৰীয়া চক্ৰৱৰ্তীক !

জামিন আবেদন খাৰিজ, ২২ ছেপ্তেম্বৰলৈ কাৰাগাৰৰ বন্ধ কুঠৰীলৈ প্ৰেৰণ ৰীয়া চক্ৰৱৰ্তীক !

September 9, 2020 0 By NEWS DESK

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অৱশেষত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ।

জামিন আবেদন খাৰিজ কৰি ৰীয়া চক্ৰৱৰ্তীক ২২ ছেপ্তেম্বৰলৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

NDPS কোৰ্টে ৰিয়া চক্ৰৱৰ্তীক প্ৰেৰণ কৰে জেললৈ।

গ্ৰেপ্তাৰৰ পিছতে মঙলবাৰে সন্ধিয়া ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আদালত হাজিৰ কৰোৱা হৈছিল ৰীয়াক।

জামিন আৱেদন বিচাৰি ৰীয়াৰ অধিবক্তাই আবেদন জনাইছিল কিন্তু সেই আবেদন ন্যায়ালয়ে খাৰিজ কৰি দিয়ে।

যাৰ বাবে NCBৰ লকআপত নিশা পাৰ কৰিব লগা হয় ৰীয়া চক্ৰৱৰ্তীৰ। কিয়নো মহাৰাষ্ট্ৰ কাৰাগাৰত নিয়মমতে নিশা কয়দীক কাৰাগাৰলৈ প্ৰেৰণ কৰা নহয়।

বুধবাৰে পুৱা ১০ বজাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীক।

উল্লেখ্য যে, ইতিপূৰ্বে NCBয়ে ৰীয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছে।