Site icon NEWS8 NE

জালিয়াতিৰে ঋণ প্ৰদান কৰাৰ গোচৰত অভিযুক্ত চেণ্ট্ৰেল বেংকৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক, কৰা হ’ল গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ জালিয়াতিৰে ঋণ প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ ডিকম শাখাৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক।

বেংকৰ আঞ্চলিক প্ৰৱন্ধকে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই বিআইইঅ’ৱে গ্ৰেপ্তাৰ কৰে অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক প্ৰদীপ কুমাৰ নাথক।

জানিব পৰা মতে, প্ৰদীপ কুমাৰ নাথে চেণ্ট্ৰেল বেংকৰ ডিকম শাখাৰ প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত আব্দুল মুন্নাফ নামৰ এজন ব্যক্তিক প্ৰদান কৰিছিল ১০.৫৫ লাখ টকাৰ লোন।

কিন্তু ব্যক্তিজনে লোন ঘূৰাই নিদিয়াত বিআইইঅ’ৱে অনুসন্ধান চলাই জানিব পাৰে যে আব্দুল মুন্নাফৰ মৃত্যু ২০০৬ চনতে হৈছিল।

তেওঁৰ পুত্ৰ আব্দুল সমীৰেহে পিতৃৰ নথি জালিয়াতি কৰি লাভ কৰিবলৈ সক্ষম হৈছিল এই বৃহৎ পৰিমাণৰ ঋণ।

আনহাতে সেই সময়ত শাখা প্ৰৱন্ধক প্ৰদীপ কুমাৰ দাসে নথিসমূহ পৰীক্ষা নকৰাকৈয়ে ঋণ প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছিল।

ইয়াৰ পিছতে আঞ্চলিক প্ৰৱন্ধকে প্ৰদীপ কুমাৰ দাসৰ বিৰুদ্ধে বিআইইঅ’ত এজাহাৰ দাখিল কৰাত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধকজনক।

Exit mobile version