NEWS8 NE

জীৱিত মহিলাক মৃত ঘোষণা! মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে চিকিৎসকে…

নিউজ ডেস্ক। চিকিৎসকৰ ভয়ংকৰ গাফিলতিৰ বাবে এগৰাকী জীৱিত মহিলাক মৰোণত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ’ল শৱগৃহলৈ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰ-চম্বলৰ সৰ্ববৃহৎ চিকিৎয়াল জয়াৰোগ্য হাস্পতালত।

দুৰ্ঘটনাত পতিত এগৰাকী ৩১ বৰ্ষীয় মহিলাক হাস্পতালখনৰ চিকিৎসকে মৃত ঘোষণা কৰাৰ পিছত মহিলাগৰাকীক মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল শৱগৃহলৈ। য’ত মহিলাগৰাকীৰ স্বামীয়ে ৰক্তনলী পৰীক্ষা কৰাত চিকিৎসকৰ গাফিলতি পোহৰলৈ আহে।

উত্তৰ প্ৰদেশৰ মহোবাৰ বাসিন্দা নিৰ্পত সিং ৰাজপুতে জানিবলৈ দিয়া মতে, তেওঁৰ পত্নী জামৱতী দুদিন পূৰ্বে এক বাইক দুৰ্ঘটনাত পতিত হৈছিল। আহত মহিলাগৰাকীক প্ৰথমে ঝান্সিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৃহস্পতিবাৰ নিশা তেওঁক গোৱালিয়ৰৰ জয়াৰোগ্য হাস্পতাললৈ অনা হয়।

ইফালে জয়াৰোগ্য হাস্পতালৰ চিকিৎসকে শুকুৰবাৰে বিয়লি ৪.৩০ বজাত জামৱতীক মৃত ঘোষণা কৰে। কিন্তু অভিযোগ উত্থাপন হৈছে যে চিকিৎসকে ইচিজি নোহোৱাকৈয়ে মহিলাগৰাকীক মৃত ঘোষণা কৰে।

কেৱল এয়াই নহয়, জীৱিত মহিলাগৰাকীক মৃত ঘোষণা কৰাৰ পিছত তেওঁৰ মৃতদেহও মৰণোত্তৰ পৰীক্ষাৰ বাবে শৱগৃহলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে, স্বামীয়ে চিকিৎসকৰ কথাত বিশ্বাস কৰিব নোৱাৰি সন্তুষ্টিৰ বাবে নিজেই শৱগৃহলৈ গৈ মহিলাগৰাকীৰ ৰক্তনলী পৰীক্ষা কৰে।

নিৰ্পত সিং ৰাজপুতে প্ৰকাশ কৰে মতে, তেওঁ যেতিয়া পত্নীৰ হৃদস্পন্দন পৰীক্ষা কৰিছিল, তেতিয়া নিশ্চিত হৈছিল যে তেওঁৰ পত্নীৰ মৃত্যু ঘটা নাই। লগে লগে তেওঁ পৰিয়ালক এই বিষয়ে অৱগত কৰাত ট্ৰমা চেণ্টাৰত হুলস্থূল লাগে। লগে লগে চিকিৎসকসকলেও মহিলাগৰাকীৰ পুনৰ চিকিৎসা আৰম্ভ কৰে।

ইফালে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালে। হাস্পতালখনৰ অধীক্ষকেও ঘটনা সন্দৰ্ভত তৎপৰতা দেখুৱাই বিষয়টোৰ তদন্তৰ বাবে এখন তিনিজনীয়া সমিতি গঠন কৰি দিছে। তদন্ত সমিতিৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি চিকিৎসাত গাফিলতি কৰা চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Exit mobile version