জুই নিৰ্বাপনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা আহিল তান্ত্ৰিক! অস্বীকাৰ অইলৰ

জুই নিৰ্বাপনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা আহিল তান্ত্ৰিক! অস্বীকাৰ অইলৰ

September 6, 2020 0 By NEWS DESK

প্ৰযুক্তিবিদ্যাৰ চৰম উৎকৰ্ষতাৰ সময়তাে তৈল খাদৰ জুই নিৰ্বাপনত শােচনীয়ভাৱে ব্যৰ্থ হৈছে দেশৰ বিশ্বৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড।

এই বিধ্বংসী অগ্নিকাণ্ডই শতাধিক দিন অতিক্ৰম কৰাৰ পাছতাে জুই নিৰ্বাপনৰ সঠিক সময়ৰ কথা নিশ্চিতভাৱে প্ৰকাশ কৰিব পৰা নাই কােম্পানীটােৱে।

জুই নুমুৱাবলৈ দেশ-বিদেশৰ পৰাও আহিল বহু বিশেষজ্ঞ, কিন্তু অৱশেষত এজন তান্ত্ৰিকৰ শৰণাপন্ন হ’ল অইল কৰ্তৃপক্ষ!

হয়, শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।

অইল কৰ্তৃপক্ষ তান্ত্ৰিকৰ শৰণাপন্ন হোৱা বুলি প্ৰকাশিত বাতৰিত ৰাজ্যজুৰি প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিজ্ঞান প্ৰযুক্তিৰ কাৰিকৰী শিক্ষা অৰ্হতা সম্পন্ন অইলৰ বিষয়া-অভিযন্তাসকলে এইদৰে তান্ত্ৰিকৰ শৰণাপন্ন হোৱাটো চৰম ভণ্ডামিৰ পৰিচায়ক বুলি বহু সচেতন লোকে মন্তব্য কৰিছে।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ তান্ত্ৰিকজনৰ অভিশপ্ত তৈলখাদত ৰেড জ’নত প্ৰৱেশ কৰি দাওদাউকৈ জ্বলি থকা জুই কুৰা শূন্য দি দূৰত্বৰপাৰ পৰ্যবেক্ষণ কৰিছিল।

ইয়াৰ পিচতে উক্ত তৈলখাদত এভাগ বিশেষ পূজা দিব লাগিব বুলি অইলৰ বিষয়াক নিৰ্দেশ দি তান্ত্ৰিকজন আঁতৰি গৈছিল।

অৱশ্যে টুইটাৰৰ জৰিয়তে এই বাতৰি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে অইলে। তৈল প্ৰতিষ্ঠানটোক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে এই ভুৱা বাতৰি বিয়পােৱা হৈছে বুলি টুইটত প্ৰকাশ।