জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা চলোৱা ঘটনাৰ মূল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ !

জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা চলোৱা ঘটনাৰ মূল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ !

August 14, 2020 0 By NEWS DESK

বুধবাৰে নিশা জুবিন গাৰ্গক আক্ৰমণৰ অপচেষ্টা কৰা ঘটনাৰ মূল অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ ।

বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে হীৰকজ্যোতিক গ্ৰেপ্তাৰ কৰে ।

জুবিন গাৰ্গে বুধবাৰে নিশাই দাখিল কৰা এজাহাৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে হীৰকজ্যোতি ৰাজবংশীক কৰায়ত্ত কৰিবলৈ ব্যাপক অভিযান চলাইছিল ।

জে বি আইন মহাবিদ্যালয়ত অধ্যয়নৰত হীৰকজ্যোতি ৰাজবংশী কামৰূপ মহানগৰ NSUI ৰ উপ সভাপতি আছিল ।

গ্ৰেপ্তাৰৰ পিছতে NSUI-ৰ পৰাও খেদা খালে জুবিনক আক্ৰমণৰ অভিযুক্ত হিৰক ৰাজবংশীয়ে ।

বৃহস্পতিবাৰে শিৱসাগৰত এক অনুষ্ঠানত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, ‘এই সম্পৰ্কত আমাৰ হাতত তথ্য নাই। মই আজিলৈকে তেনেকুৱা নামে শুনা নাই। তেনেকৈ কৈ দিলে নহ’ব নহয়। কংগ্ৰেছৰ বুলি কৈ দিলে নহ’ব। আমাৰ হাতত অফিচিয়েল কোনো তথ্য নাই ।’

লগতে নেতাগৰাকীয়ে কয়, ‘আক্ৰমণ আমি কাহানিও সহ্য নকৰো। আমি গভীৰভাৱে নিন্দা কৰিছো। ইয়াৰ ওপৰত চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা ল’ব লাগে ।’