জুবিন বিজেপি-কংগ্ৰেছ হোৱাটো নিবিচাৰো, জুবিন কলা-কৃষ্টি-সংস্কৃতিৰ বাহক হৈ থাককঃ হিমন্ত !

জুবিন বিজেপি-কংগ্ৰেছ হোৱাটো নিবিচাৰো, জুবিন কলা-কৃষ্টি-সংস্কৃতিৰ বাহক হৈ থাককঃ হিমন্ত !

August 13, 2020 0 By NEWS DESK

বুধবাৰে মাজনিশা জুবিন গাৰ্গক দুৰ্বৃত্তই আক্ৰমণৰ চেষ্টা চলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰীগৰাকীয়ে কয়- যিসকল লোক জুবিনৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে । তদন্তৰ দায়িত্ব আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক দিয়া হৈছে ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘জুবিন গাৰ্গক বিতৰ্কৰ পৰা আতৰাই ৰাখিব লাগে । কিবা কথাত মাতিব খুজিলেও আমি বাধা দিব লাগিব । জুবিন তুমি এইটো আন্দোলনতো নালাগে, সেইটো আন্দোলনতো নালাগে ।’

‘আন্দোলন কৰিবলৈ, ৰাজনীতি কৰিবলৈ বহুত মানুহ আছে । আমি মনে প্ৰাণে বিচাৰো যে, জুবিন গাৰ্গে কলা-সংস্কৃতিৰ হৈ যুঁজ কৰক । মই জুবিন বিজেপিৰ হোৱাটো নিবিচাৰো । মই জুবিনক কংগ্ৰেছ হোৱাটোও নিবিচাৰো । মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰো । বিৰুদ্ধেও নিবিচাৰো । মই এইবিলাকত নাইয়ে । মোৰ কথা হ’ল, জুবিন গাৰ্গ কলা-কৃষ্টি-সংস্কৃতিৰ বাহক হৈ থাকক ।’-মন্ত্ৰী হিমন্তৰ মন্তব্য ।

লগতে তেওঁ কয়- জুবিনে ৰাজনীতি নকৰাটো বিচাৰো, জুবিন এগৰাকী সহজ-সৰল মনৰ মানুহ । সেইটোক আমি আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে ।’

”মোৰ যেতিয়া জুবিনৰ কতা কবলগীয়া হয় মোৰো মনটো বেয়া লাগে। কাৰণ আমি সেই ৰূপত জুবিন গাৰ্গক দেখা পাব নিবিচাৰো। বিতৰ্কৰ ওপৰত আমি জুবিন গাৰ্গক বিচাৰো ।’

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘ভূপেন হাজৰিকা যেতিয়া জীয়াই আছিল তেতিয়া তেওঁৰ বিষয়ে বিভিন্ন কথা কোৱা হৈছিল । একাংশ লোকে কটু সমালোচনা কৰি ব্যতিবস্ত কৰা হৈছিল । মৃত্যুৰ পিছত আমি বহুত চিঞৰিলো, কান্দিলো । সেইবোৰ মানুহজনে শুনি নগ’ল । গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পৰা, সাহিত্য সভাৰ সভাপতি হোৱালৈকে আৰু ডাডা চাহেব ফাল্কে বঁটা লোৱা লৈকে, ভূপেন হাজৰিকা দেৱক আমি এচাম লোকে সমালোচনা কৰিয়ে থাকিলো ।কিন্তু মৃত্যুৰ পিছত সেইসকল লোকে দুখ প্ৰকাশ কৰিলে ।’