জৈৱিক পদ্ধতিৰে ৭.৬ কিলোগ্ৰাম ওজনৰ বন্ধাকবি উৎপাদন কৰি দেশজুৰি প্ৰশংসা লাভ এগৰাকী খেতিয়কৰ !

জৈৱিক পদ্ধতিৰে ৭.৬ কিলোগ্ৰাম ওজনৰ বন্ধাকবি উৎপাদন কৰি দেশজুৰি প্ৰশংসা লাভ এগৰাকী খেতিয়কৰ !

October 9, 2020 0 By NEWS DESK

আপুনি বাৰু কিমান ওজনৰ বন্ধাকবি দেখিছে। নিশ্চয় ১ৰ পৰা ২ কিলোগ্ৰামৰ ভিতৰত দেখিছে।

কিন্তু মণিপুৰৰ এগৰাকী খেতিয়কে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি উৎপাদন কৰিলে ৭.৬ কিলোগ্ৰাম ওজনৰ বন্ধাকবি।

মণিপুৰৰ সেনাপতি জিলাৰ লিয়াই খুনোউ গাঁৱৰ এগৰাকী খেতিয়কে নিজ খেতিপথাৰত ৭.৫ কেজি ওজনৰ বৃহৎ বন্ধাকবি উৎপাদন কৰাৰ আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

মণিপুৰৰ কৃষক গৰাকীয়ে সম্পুৰ্ণৰূপে পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰি ইমান বৃহৎ আকাৰৰ বন্ধাকবি উৎপাদন কৰিবলৈ সক্ষম হৈছে।

যাৰ বাবে তেওঁ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।