জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ১ টকা জৰিমণা বিহিলে উচ্চতম ন্যায়ালয়ে! অন্যথা…?

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ১ টকা জৰিমণা বিহিলে উচ্চতম ন্যায়ালয়ে! অন্যথা…?

August 31, 2020 0 By NEWS DESK

আদালত অৱমাননা গোচৰত দোষী সাব্যস্ত জেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ।

ন্যায়ালয় অৱমাননাৰ অপৰাধত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে।

Image

ন্যায়াধীশ অৰুণ মিশ্ৰৰ দ্বাৰা গঠিত তিনিজনীয়া বিচাৰপীঠে সোমবাৰে শাস্তি ঘোষণা কৰি বিচাৰপীঠে ১ টকাৰ জৰিমনা বিহে প্ৰশান্ত ভূষণক।

তদুপৰি এই জৰিমনা ১৫  ছেপ্তেম্বৰৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ত আদায়ৰ নিৰ্দেশ  ন্যায়ালয়ৰ।

অন্যথা ৩মাহৰ শাস্তিৰ লগতে ৩বছৰলৈ কৰিব নোৱাৰিব উকালতি।

উল্লেখ্য যে, ভূষনে ৰাজহুৱা ভাৱে উচ্চতম ন্যায়ালয়ৰ একাংশ ন্যায়ধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে, ইতিমধ্যে প্ৰশান্তে ভূষণে উচ্চতম ন্যায়ালয়ত ক্ষমা নোখোজো বুলি তেওঁৰ স্থিতি স্পষ্ট কৰিছে।