NEWS8 NE

টাটাৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীয়ে। দেওবাৰে মুম্বাইৰ সমীপৱৰ্তী পালঘৰত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত এখন মাৰ্চিডিছ বাহনেৰে আহমেদাবাদৰ পৰা মুম্বাই অভিমুখে আহি আছিল টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মিষ্ট্ৰীয়ে আহমেদাবাদৰ পৰা মুম্বাই অভিমুখে আহি থকা সময়ত সুৰ্য নৈৰ ওপৰৰ দলঙত বিয়লি ৩.১৫ বজাত সংঘটিত হয় দুৰ্ঘটনা।

এই দুৰ্ঘটনাত চাইৰাছ মিষ্ট্ৰীৰ বাহন চালকসহ দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োজনক গুজৰাটৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, ২০০৬ চনত চাইৰাছ পেলনজী মিষ্ট্ৰীয়ে ব’ৰ্ড অৱ টাটা চন্সত যোগদান কৰিছিল। তেওঁৰ পিতৃ পল্লোঞ্জী মিষ্ট্ৰীয়ে শ্বাপুৰজী পল্লোঞ্জী গ্ৰুপৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছত চাইৰাছ মিষ্ট্ৰীয়ে টাটা চন্সৰ সৈতে জড়িত হৈ পৰে।

২০১২ চনত ৰতন টাটাই পদত্যাগ কৰাৰ পিছত ভাৰতৰ অন্যতম বিশিষ্ট ব্যৱসায়িক সংস্থা টাটা চন্সৰ নেতৃত্বৰ বাবে নিৰ্বাচিত চাইৰাছ পেলনজী মিষ্ট্ৰী। টাটা গ্ৰুপৰ অন্যতম বৃহৎ শ্বেয়াৰহোল্ডাৰ শ্বাপুৰজী পল্লোঞ্জী গ্ৰুপৰ উত্তৰাধিকাৰী হোৱাৰ সূত্ৰে তেওঁ টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

২০১৬ চনৰ ২৪ অক্টোবৰত টাটা চন্সৰ ব’ৰ্ডে মিষ্ট্ৰীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰিবলৈ ভোটদান কৰে। ইয়াৰ কিছু সময়ৰ পিছতে নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় নটৰাজন চন্দ্ৰশেখৰণক।

Exit mobile version