টিংৰাই বিস্ফােৰণৰ আঁৰত আলফা (স্বাধীন)ৰ হাত! গ্ৰেপ্তাৰ দুই যুৱক, জব্দ বিস্ফােৰণত ব্যৱহৃত বাইক

টিংৰাই বিস্ফােৰণৰ আঁৰত আলফা (স্বাধীন)ৰ হাত! গ্ৰেপ্তাৰ দুই যুৱক, জব্দ বিস্ফােৰণত ব্যৱহৃত বাইক

May 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাই ৩ মাহৰ বাবে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘােষণা কৰিলেও যােৱা ১৫ মে’ত তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত সংঘটিত গ্ৰেনেড বিস্ফােণৰ আঁৰত সংগঠনটােৰ হাত থকা বুলি নিশ্চিত কৰিছে অসম আৰক্ষীয়ে।

উল্লেখ্য যে এই বিস্ফােৰণৰ ঘটনাত দুজন লােকে প্ৰাণ হেৰুৱাইছিল, লগতে গুৰুতৰভাৱে আহত হৈছিল আন দুজন লােক।

ইপিনে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টিংৰাইত ঘটনাস্থলীত পৰিদৰ্শন কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যােতি মহন্তক দুৰ্বৃত্তক চিনাক্ত কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতে এই ঘটনাৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

ঘটনাত ব্যৱহৃত বাজাজ পালছাৰ বাইকখন জব্দ কৰাৰ লগতে বিস্ফােৰণ সংঘটিত কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ কৰা যুৱক দুজন হৈছে বাইক চালক ৰনজিৎ চাংমাই (১৯) আৰু আৰোহী হীৰেন গগৈ ওৰফে ৰবিন ওৰফে মুনু (৩০)।

জানিব পৰা মতে, ধৃত দুয়োজনৰে ঘৰ লক্ষীপথাৰ অঞ্চলত। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (আইন-শৃংখলা) জি পি সিঙে টুইট কৰি দাবী কৰে যে ধৃত দুয়ােজন যুৱকৰে আলফা (স্বাধীন)ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে।

বিদেশত থকা আলফা (স্বা)ৰ শীৰ্ষ নেতাৰ নিৰ্দেশতে যুৱক দুজনে টিংৰাইত গ্ৰেনেড বিস্ফােৰণৰ সংঘটিত কৰা বুলি তেওঁ দাবী কৰে।

লগতে চাওকঃ

মংগলবাৰে ৬.৪৭ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৭৩ জনৰ মৃত্যু

কােকৰাঝাৰঃ ক’ভিড-১৯ত পজিটিভ মহিলাই চৰকাৰী চিকিৎসালয়ত জন্ম দিলে সুস্থ সন্তান