টোপনিত লালকাল এগৰাকী মহিলাৰ মুখেৰে সোমাই গ’ল ৪ ফুট দীঘল সাপ ! VDO চাওক…

টোপনিত লালকাল এগৰাকী মহিলাৰ মুখেৰে সোমাই গ’ল ৪ ফুট দীঘল সাপ ! VDO চাওক…

September 6, 2020 0 By NEWS DESK

এক আচৰিত যেন লাগিলেও সঁচা কথা।

শুই থকা এগৰাকী মহিলাৰ মুখেৰে সোমাই গ’ল ৪ফুট দীঘল বিষাক্ত এডাল সাপ।

এই আচৰিত ঘটনাটো ঘটিছে ৰাছিয়াত।

ৰাছিয়াৰ দাগেস্তানৰ লেভাচি নামৰ অঞ্চলত থকা নিজৰ ঘৰতে শুই থকা অৱস্থাতে মহিলা গৰাকীৰ মুখৰ ভিতৰৰে সোমাই যায় ৪ ফুট দৈৰ্ঘ্যৰ সাপ ডাল।

মহিলাগৰাকী টোপনীত ইমানেই লালকাল আছিল যে, সাপদাল পেটলৈ সোমাই যোৱাৰ পিছতো কথা একো তৎ ধৰিব নোৱাৰিলে।

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত মহিলা গৰাকীৰ পেটটো বেয়া লগাত চিকিৎসকৰ কাষলৈ যায় আৰু চিকিৎসকে পৰীক্ষা কৰি তেওঁৰ পেটৰ ভিতৰত এডাল সাপ থকাৰ কথাত নিশ্চিত হয়।

ইয়াৰ পিছতে চিকিৎসকে বহু কষ্ট কৰি মহিলা গৰাকীৰ পেটৰ পৰা এডাল টিউৱৰ সহায়ত কৌশলেৰে জীৱন্ত সাপ ডাল উলিয়াই আনিবলৈ সক্ষম হয়।

ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।