ট্ৰাক চালকৰ উপস্থিত বুদ্ধিৰ বাবেই সম্ভাব্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বহু যান-বাহন

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন বৃহৎ ট্ৰাক।

সামগ্ৰী ভৰ্তি এখন বৃহৎ ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবেই বিপৰীত মুখে তিনি কিলোমিটাৰ পথ চলাই লৈ গ’ল চালকে। অৱশেষত এখন মুকলি পথাৰত ট্ৰাকখন ৰখাবলৈ সক্ষম হয় চালকজন।

এই ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ জালনা-চিলোদ পথত। আৰু এই দৃশ্য এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত হৈ পৰিছে ভাইৰেল।

ঘটনা অনুসৰি, সামগ্ৰী ভৰ্তি এখন ট্ৰাক পথত আহি থাকোতে হঠাৎ ব্ৰেক যন্ত্ৰ বিকল হৈ পৰে ট্ৰাকখনৰ। কিন্তু তেনে মূহুৰ্তত কি হব পাৰে চালকৰ। নিশ্চয়কৈ তেনে অৱস্থাত দুৰ্ঘটনা হোৱাটোৱেই স্বাভাৱিক।

কিন্তু তেনে একো নহ’ল ট্ৰাকখনৰ ক্ষেত্ৰত। ইয়াৰ একমাত্ৰ কাৰণ হল ট্ৰাকখনৰ চালকৰ উপস্থিত বুদ্ধি। ব্ৰেক যন্ত্ৰ বিকল হোৱাৰ পিছতেই চালকজনে হঠাৎ ব্যৱহাৰ কৰে ‘ৰিভাৰ্চ গিয়েৰ’।

লগে লগে গাড়ীখন ৰৈ যায় আৰু পিছলৈ গতি কৰে। যিহেতু পিছলৈ বেছি গতিত গাড়ী যাব নোৱাৰে, সেয়েহে এটা নিৰ্দিষ্ট গতিবেগত গৈ থাকে গাড়ী খন।

এই ক্ষেত্ৰত চালকজনক সহায় কৰে কেইজনমান যুৱকে। তেওঁলোকে মটৰ চাইকেলেৰে গৈ ট্ৰাকখনৰ চালকক পথত যোৱাৰ সুবিধা কৰি দিছে। যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়।

সামগ্ৰী ভৰ্তি গধুৰ ট্ৰাক এখন পিছলৈ লৈ যোৱাটো বৰ এটা সহজ কামো নহয়। কিন্তু চালকজনে সাহসেৰে সেই কাম কৰে।

ইয়াৰোপৰি ট্ৰাকখনৰ গিয়েৰ তেনে অৱস্থাত প্ৰথম বা দ্বিতীয়লৈ আনিব নোৱাৰে। আৰু যদিহে ট্ৰাকৰ ষ্টাৰ্ট বন্ধ কৰিও দিয়ে, তেতিয়া ভালদৰে কাম নকৰিব ষ্টিয়েৰিঙে। সেয়েহে চালকজন সন্মুখীন হয় বহুতো সমস্যাৰ।

তেনেদৰে প্ৰায় তিনি কিলোমিটাৰ দূৰ গৈ এডোখৰ ঠাইত পথৰ কাষত এখন মুকলি পথাৰ প্ৰত্যক্ষ কৰে চালকজনে। লগে লগে তেওঁ সেই পথাৰলৈ সুমুৱাই দিয়ে ট্ৰাকখন। যিহেতু পথাৰখন ওখোৰা-মুখোৰা, সেয়েহে ট্ৰাকখনৰ গতিবেগ কিছু হ্ৰাস পায় আৰু ৰৈ যায় ট্ৰাকখন।

তেনেদৰেই চালকৰ উপস্থিত বুদ্ধিৰ বাবে সুকলমে কোনো দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ ৰক্ষা পৰে ট্ৰাকখন আৰু চালকজন।

উল্লেখ্য যে সৰু গাড়ী আৰু ট্ৰাকৰ মাজত আছে বহুতো প্ৰভেদ। সৰু গাড়ী বিভিন্ন প্ৰক্ৰিয়াৰে ৰখাব পাৰি। কিন্তু গধূৰ বাহন অথবা সামগ্ৰী ভৰ্তি ট্ৰাক সহজতে ৰখাব নোৱাৰি।

লগতে চাওকঃ

মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ কলেজীয়া ছাত্ৰৰ শােকাৱহ মৃত্যু

প্ৰয়াত মাতৃলৈ শ্ৰদ্ধা জনাই আৰক্ষী বিষয়াই আৰোহণ কৰিলে এভাৰেষ্টৰ শিখৰ

Leave a Comment