NEWS8 NE

ঠিকাদাৰৰ পৰা ৫੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হােৱা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদক নিলম্বন…

নিউজ ডেস্ক। এগৰাকী ঠিকাদাৰৰ পৰা ৫੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক নিলম্বন।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে এক নির্দেশযোগে পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক চাকৰিৰ পৰা নিলম্বন কৰে।

ইয়াৰ উপৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক মনোজ কুমাৰ দাসক বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি প্ৰদান কৰা হয় বুলি একেখন নিৰ্দেশনাত প্ৰকাশ।

Exit mobile version