ডাঙৰ খবৰ ! ছয়গাঁৱত কৰ’ণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু…

ডাঙৰ খবৰ ! ছয়গাঁৱত কৰ’ণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু…

August 14, 2020 0 By NEWS DESK

অসমত ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংথ্যা ।

এইবাৰ কামৰূপ জিলাৰ ছয়গাঁৱত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে এজন লোক ।

মৃত্যু হোৱা লোকজন ছয়গাঁৱ বিধান সভা সমষ্টিৰ প্ৰীতিপুৰগাঁৱৰ ওচমান আলি (৫০) ।

লোকজনৰ দেহত পাঁচ দিন পূৰ্বে কোভিড-১৯পজিটিভ ধৰা পৰিছিল ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড আইশ্যলেশ্চন কেন্দ্ৰত ভৰ্তি আছিল লোকজন ।

মৃত্যুৰ সময়ত লোক গৰাকীয়ে পত্নী আৰু এগৰাকী পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায় ।

উল্লেখ্য যে, কৰ’ণাত মৃত্যু হোৱা ওচমান আলি ছয়গাঁৱ উদ্যোগিক বিকাশ কেন্দ্ৰৰ জামবাৰীত থকা মিলটন কোম্পানীৰ ছিক’ৰিটি গাৰ্ড আছিল ।