ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৬জন লোকৰ মৃ্ত্যু…

ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৬জন লোকৰ মৃ্ত্যু…

August 22, 2020 0 By NEWS DESK

অসমত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ ৬ গৰাকী লোকৰ প্ৰাণ ল’লে কৰ’ণাই।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ধুবুৰীৰ মাধাই সাহা (৫৩), বৰপেটাৰ কামেশ্বৰ লহকৰ (৫৫), কামৰূপৰ কমল কৃষ্ণ মহন্ত (৪৭), হাইলাকান্দিৰ হৰিপদ দেব নাথ (৫৫), কাছাৰৰ বিধূ ভূষণ দাস (৫৭) আৰু ডিব্ৰুগড়ৰ চাহিদা খাতুন (৪৩)।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই তথ্য।

উল্লেখ্য যে, অসমত কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা ২২৭ জনলৈ বৃদ্ধি।