ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৮জন লোকৰ মৃ্ত্যু…

ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৮জন লোকৰ মৃ্ত্যু…

August 24, 2020 0 By NEWS DESK

অসমত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

প্ৰতিদিনে অসমত ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণই প্ৰাণ লোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ ৮ জন লোকৰ প্ৰাণ ল’লে মাৰাত্মক কৰ’ণাই।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে- কামৰূপৰ অৰুণ ঠাকুৰীয়া (৬৩) আৰু ওম প্ৰকাশ শৰ্মা (৫৬), ডিব্ৰুগড়ৰ দুৰ্গা বাহাদুৰ সোণাৰ (৪৮) আৰু সুনীল কুমাৰ ফ’গ্লা (৮৫), নলবাৰীৰ ৰঞ্জিত কুমাৰ দত্ত (৭৪) আৰু প্ৰফুল্ল ডেকা (৫৩), বাক্সাৰ মলয় বসুমতাৰী (৪৮) আৰু হোজাইৰ খগেন পণ্ডিত (৬৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

উল্লেখ্য যে, অসমত কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা ২৪২ জনলৈ বৃদ্ধি।