ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাই প্ৰাণ ল’লে ৬জন লোকৰ…

ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাই প্ৰাণ ল’লে ৬জন লোকৰ…

August 19, 2020 0 By NEWS DESK

অসমত অব্যাহত আছে কৰ’ণাৰ সংহাৰী ৰূপ।

প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ কৰ’ণাই প্ৰাণ ল’লে ৬জন লোকৰ।

ৰাজ্যত কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যাই পাৰ কৰিলে ২ শতাধিকৰ ঘৰ।

মৃত্যু হোৱা লোক কেইজন ক্ৰমে- সুনন্দৰাম ডেকা, বিক্ৰান্ত সিং চেত্ৰী, গৌৰ গোপাল বিশ্বাস, ছেইফ উদ্দিন, সুভাষ চন্দ্ৰ আচাৰ্য আৰু প্ৰদীপ কুমাৰ সিং।

এই তথ্য সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যত কৰ’ণাত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৩জনলৈ পাইছে বৃদ্ধি।