ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ১৪ জনে…

ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ১৪ জনে…

August 27, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ কৰ’ণাই প্ৰাণ ল’লে ১৪ জনকৈ লোকৰ।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে- কৰিমগঞ্জৰ বীৰেন্দ্ৰ কুমাৰ ঘোষ (৭৫), নলবাৰীৰ আজিজুদ্দিন আহমেদ (৩৯), শিৱসাগৰৰ জিতু ছেত্ৰী (৩৬), তিনিচুকীয়াৰ ৰাজিজুল হক (৬২), লখিমপুৰৰ ৰহিম বৰগোহাঁই (৫৮), ধুবুৰীৰ মিণ্টুলাল দে (৭১), নগাঁৱৰ হাফিজুদ্দিন আহমেদ (৬৮), কৰিমগঞ্জৰ নৃতেন্দ্ৰ চন্দ্ৰ দাস (৭৫), কাছাৰৰ পংকজিনী শীল (৮১), কাছাৰৰ শুভ্ৰাংশু চন্দা (৭৬), গোলাঘাটৰ অনু শৰ্মা (৭৫), হোজাইৰ আব্দুল জব্বৰ (৫০), নলবাৰীৰ শ্ৰীৰাম বৈশ্য (৬৫) আৰু কামৰূপ মহানগৰৰ দীপক ভৌমিক (৬১)।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বি্শ্ব শৰ্মাই সদৰি কৰিছে এই তথ্য।

উল্লেখ্য যে, ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য ২৭৪ জনলৈ বৃদ্ধি।