ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ ৭জন লোকৰ মৃ্ত্যু…

ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ ৭জন লোকৰ মৃ্ত্যু…

August 31, 2020 0 By NEWS DESK

অসমত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ গ’ল ৭জন লোকৰ।

 মৃত্যু হোৱা লোককেইগৰাকী হৈছে- গোলাঘাটৰ বিদ্যাদীপ ভূঞা (৪৮) আৰু কিৰণ বৰা (৫০), কামৰূপ মহানগৰৰ নিপজ্যোতি বৰুৱা (৪৮) আৰু চহৰাবুদ্দিন আহমেদ (৭০), চিৰাঙৰ ৰমীলা সূত্ৰধৰ (৪৫) আৰু শচীন চন্দ্ৰ ব্ৰহ্ম (৫৮) আৰু কাছাৰৰ ভাস্কৰ বিজয় গুপ্তা (৫০)।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, অসমত বৰ্তমানলৈ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৮৯ জনলৈ বৃদ্ধি।