Site icon NEWS8 NE

ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে দুৰ্ঘটনাত বিধ্বস্ত স্কুটী, কথমপি প্ৰাণ ৰক্ষা মহিলাৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে নিতৌ ভয়াৱহ পথ দুৰ্ঘটনা হৈ থকাৰ মাজতে এইবাৰ নগাঁও জিলাত এখন ডাম্পাৰ চালকৰ বাবেই দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে এখন স্কুটী।

এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে স্কুটী আৰােহী এগৰাকী মহিলাগৰাকীৰ।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা।

স্কুটীখনৰ আৰোহী ৰাষ্ট্ৰীয় ঘাইপথটোৰে আহি সময়ত পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমীপত এই দুৰ্ঘটনাত পতিত হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে আৰজে-০৭ জিবি- ৭৭৪৫ নম্বৰৰ ডাম্পাৰখনে পথৰ ৰখাই থােৱা আছিল। কিন্তু হঠাতে ডাম্পাৰ চালকজনে ডাম্পাৰখন চলাই বেকগিয়াৰ লগাই পিছফালে গতি কৰে।

ডাম্পাৰ চালকে হঠাতে গাড়ীখন চলাই নিয়াৰ বাবে স্কুটী আৰােহী মহিলাগৰাকীয়ে পিছফালৰ পৰা ডাম্পাৰত খুন্দিয়ায়।

সৌভাগ্যক্ৰমে স্কুটী আৰোহী মহিলাগৰাকী কোনোমতে আঘাত নোপোৱাকৈ জাঁপ মাৰি আঁতৰি যায় যদিও স্কুটীখন ডাম্পাৰৰ চেপাত সম্পূৰ্ণৰূপে ধ্বংস হয়।

দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ এ এছ ০২ ইউ ২৪২২।

স্কুটী আৰোহী টুলটুল শইকীয়া নামৰ মহিলাগৰাকীৰ ঘৰ পুৰণিগুদামৰ সমীপৱতী আউনীআটীত বুলি জানিব পৰা গৈছে।

Exit mobile version