Site icon NEWS8 NE

ডিঙিত বিশেষ শ্ল’গান লিখা প্লেকাৰ্ড আঁৰি বিয়াত বহিল এগৰাকী শিক্ষক!

নিউজ ডেস্ক। কোভিডকাল চলি আছে। কিন্তু তাৰ মাজতেই চলি আছে বেপাৰ-বাণিজ্য। কোভিড নীতি মানি ৰেষ্টুৰেণ্ট,,চিনেমা হল, শ্বপিং মল খোলাতো কোনো বাধা নাই।

কোৰোনা আছে। কিন্তু জীৱন আৰু জীৱিকাৰ খাতিৰত তাৰ মাজতেই সকলোবোৰ স্বভাবিকভাৱে চলি আছে। কিন্তু শিক্ষা??

কোভিডৰ দোহাই দি যোৱা প্ৰায় দুটা বছৰ ধৰি বন্ধ হৈ আছে শৈক্ষিক প্ৰতিষ্ঠানসমূহ। যাৰ বাবে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ এটা ডাঙৰ প্ৰশ্নৰ উদয় হৈছে। এনেদৰেই শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থাকিলে কি হব দেশৰ ভবিষ্যত প্ৰজন্মৰ?

দেশত বৰ্তমান সময়ত শিক্ষাৰ এনে মুধাফুটা অৱস্থাৰ বাবেই নিজৰ বিয়াত ডিঙিত বৰমালাৰ সৈতে বিদ্যালয় খোলাৰ দাবী সম্বলিত প্লেকাৰ্ড ওলোমাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে এগৰাকী শিক্ষকে।

আলিপুৰদুৱাৰৰ কুমাৰপাৰাৰ নিৱাসী তথা স্থানীয় মথুৰাবাগান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অসীম দাসে নিজৰ বিয়াত বিদ্যালয় খোলাৰ দাবীৰে ডিঙিত ওলোমাই ৰাখে এখন প্লেকাৰ্ড।

শিক্ষক গৰাকীৰ ডিঙিত ওলমি থকা প্লেকাৰ্ড খনত লিখা আছে- “যদি আমি কোৰোনাৰ নিয়ম অনুসৰি বিয়া পাতিব পাৰোঁ, বিদ্যালয়বোৰো খুলিব লাগে বুলি অনুৰোধ কৰক।”

বিদ্যালয় শিক্ষক অসীম দাসে কয়, “শিক্ষানুষ্ঠানসমূহ বন্ধ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত নষ্ট হৈ গৈছে। গতিকে মই মোৰ ডিঙিত এখন প্লেকাৰ্ড ওলোমাই বিদ্যালয় খোলাৰ দাবীত বিয়া গৃহত বহিছিলো। মই শিকাওঁ। কিন্তু শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয়ৰ বাহিৰে আন কতো শিক্ষাগ্ৰহণৰ সঠিক পৰিবেশ নাই। বিদ্যালয়সমূহ ইমান দিনধৰি বন্ধ হৈ আছে। ফলস্বৰূপে, শিক্ষাৰ্থীসকলৰ পঢ়াও স্বাভাৱিক নহয়। কিন্তু আমি প্ৰতি মাহে দৰমহা ঠিকেই পাই আছোঁ। কিন্তু শিক্ষা? সেইটোৱেই বন্ধ হৈ আছে। সেয়েহে, মই অনুৰোধ জনাইছো যে বিদ্যালয়বোৰ পৰিচ্ছন্নতা অনুসৰি খোলা উচিত।”

শিক্ষকগৰাকীৰ এনে অভিনৱ প্ৰতিবাদে এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে। লগতে শিক্ষাৰ্থীক ভৱিষ্যতক লৈও এটা অবুজ ভয়ে সকলোৰে মনত এই সময়ত উক দিছে।

Exit mobile version