ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ অসম চৰকাৰৰ!

ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ অসম চৰকাৰৰ!

October 17, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

ইপিনে এপ্ৰিলতে অনুষ্ঠিত হ’ব লগা বিটিচি নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰিবৰ বাবে দাবী জনাই আহিছে বিভিন্নজন।

তাৰ পৰিপ্ৰক্ষিততে, অসম চৰকাৰে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ বিটিচি নিৰ্বাচন এই ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিবৰ বাবে অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰা হৈছে।

৭ অক্টোবৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত এই সন্দৰ্ভত লোৱা হৈছিল সিদ্ধান্ত।

উল্লেখ্য যে, ৪ এপ্ৰিলৰ দিনটো বিটিচি নিৰ্বাচনৰ বাবে ধাৰ্য্য কৰা হৈছিল।কিন্তু কৰ’ণা ভাইৰাছৰ বাবে এই নিৰ্বাচন পিছুৱাব লগা হৈছিল।