ডিজিপি কাৰ্যালয়ত উপস্থিত SI কেলেংকাৰীৰ মুল অভিযুক্ত সঞ্জিত কৃষ্ণ !

ডিজিপি কাৰ্যালয়ত উপস্থিত SI কেলেংকাৰীৰ মুল অভিযুক্ত সঞ্জিত কৃষ্ণ !

October 15, 2020 0 By NEWS DESK

উলুবাৰীস্থিত ডিজিপি কাৰ্যালয়ত উপস্থিত কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক তথা SI কেলেংকাৰীৰ মুল অভিযুক্ত আছিল সঞ্জিত কৃষ্ণ কুমাৰ সঞ্জিত কৃষ্ণ।

মঙলবাৰে নিশাৰ পৰা সন্ধানহীন হৈ থকা বৃহস্পতি বাৰে প্ৰায় দিনৰ ১২ বজাত  অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হয়।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হোৱা সময়ত কাৰ্যালয়ত উপস্থিত নাছিল সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।

সেই সময়ত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত উপস্থিত আছিল দিছপুৰত।

ইপিনে চিআইডিয়ে বিচাৰি আছিল যদিও অভিযুক্ত সঞ্জয় কৃষ্ণ কোনো সন্ধান লাভ কৰা নাছিল।

জানিব পৰা মতে, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ কুমাৰ সঞ্জিৎ কৃষ্ণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

অসম আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ পিছতে গ্ৰেপ্তাৰ হোৱা ৰুবুল হাজৰিকাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাৰ অভিযোগ কুমাৰ সঞ্জিৎ কৃষ্ণৰ বিৰুদ্ধে।

ডিজিপিৰ কাৰ্যালয়ত কুমাৰ সঞ্জিৎ কৃষ্ণ উপস্থিত হোৱাৰ পিছতে কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

এনে পৰিস্থিতিত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কুমাৰ সঞ্জিৎ কৃষ্ণক।