ডিজিপি কাৰ্যালয়ৰ পৰা CIDৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ল কুমাৰ সঞ্জিত কৃষ্ণক!

ডিজিপি কাৰ্যালয়ৰ পৰা CIDৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ল কুমাৰ সঞ্জিত কৃষ্ণক!

October 15, 2020 0 By NEWS DESK

অৱশেষত গ্ৰেপ্তাৰ হ’ল SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জিত কৃষ্ণ।

বৃহস্পতিবাৰে দিনৰ ১১ বজাত ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছিল সঞ্জিত কৃ্ষ্ণই।

দীৰ্ঘসময় ধৰি জেৰা চলিছিল সঞ্জিত কৃষ্ণক।

আইন শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে জেৰা কৰিছিল অভিযুক্ত কৃষ্ণক।

চিআইডিৰ এটা বৃহৎ দল ডিজিপি কাৰ্যালয়ত উপস্থিত হৈ সঞ্জিত কৃষ্ণক জিম্মাত লয়।

দীৰ্ঘ সময় জেৰাৰ অন্তত চিআইডিৰ দলে ডিজিপিৰ কাৰ্যালয়ৰ পৰা তেওঁক লৈ যায় চিআইডিৰ মুখ্য কাৰ্যালয়লৈ।

অবশ্যে গ্ৰেপ্তাৰৰ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো কথা সদৰী কৰা নাই।