NEWS8 NE

ডিটিঅ’ৰ ধন সংগ্ৰহকাৰী ৩ এনফ’ৰ্চমেন্ট চেকাৰক গ্ৰেপ্তাৰ কােকৰাঝাৰ আৰক্ষীৰ

নিউজ ডেস্ক। অসম-বংগ সীমান্তত চিণ্ডিকেটৰাজ চলােৱা কােকৰাঝাৰৰ জিলা পৰিবহন বিষয়া (ভাৰপ্ৰাপ্ত) সােমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক নগদ ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ কৰাৰ পিছত এই চক্ৰটােৰ অন্যান্য সদস্যৰ সন্ধানতাে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ডিটিঅ’ৰ পিছত এইবাৰ কােকৰাঝাৰ আৰক্ষীৰ জালত পৰিল জিলা পৰিবহণ কাৰ্যালয়ৰ ৰিচাৰ্ড মুছাহাৰী, মনোজ বসুমতাৰী আৰু সৌভিক দে’ নামৰ তিনিজন এনফ’চমেণ্ট চেকাৰ।

জানিব পৰা মতে, তিনি এনফ’ৰ্চমেণ্ট চেকাৰ ক্ৰমে ৰিচাৰ্ড মুছাহাৰীৰ বালাজান তিনিআলিৰ বাসগৃহ, মনোজ বসুমতাৰীৰ কোকৰাঝাৰ সদৰ চহৰৰ বড়োচা বেংক কলনীৰ বাসগৃহ আৰু সৌভিক দে’ৰ সদৰ চহৰৰ ৰবীন্দ্ৰ নগৰৰ বাসগৃহৰ পৰাও আৰক্ষীয়ে লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কেইদিনমান পূৰ্বে আৰক্ষীয়ে অভিযান চলাই সীমান্ত এলেকাত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ৯জন লোকক আটক কৰিছিল।

এই লোককেইজনৰ তথ্যৰ ভিত্তিতে গোসাঁইগাঁও পৰিবহণ বিষয়া আৰু তিনি এনফ চমেন্ট চেকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে।

এই গোচৰৰ ভিত্তিতে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰৰ পাছতে ডিটিঅ’ মুছাহাৰী আৰু তিনি এনফ’চমেন্ট চেকাৰক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই গোচৰৰ তদন্ত চলাই আৰক্ষীয়ে আন কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত গোসাঁইগাঁৱৰ নিৰঞ্জিৎ বসুমতাৰী, মনোজ সাহা, সঞ্জয় সৰকাৰ, মঃ আবুছামা মণ্ডল, আখতাৰ হুছেইন, ধনৰাজ বসুমতাৰী, আবু বক্কৰ ছিদ্দিকি, মফিজুল ইছলাম আৰু আব্দুল খালেক মণ্ডলক গ্রেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰা হৈছিল।

Exit mobile version