NEWS8 NE

তলাবন্ধৰ ঘােষণাৰ পাছতে দিল্লীত সুৰাৰ বিপণীৰ সন্মুখত দীঘলীয়া শাৰী, তাৰ মাজতে…

নিউজ ডেস্ক। কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে বৰ্তমান মাৰাত্মক ৰূপ ধাৰণ কৰিছে দেশৰ বিভিন্ন ৰাজ্যত।

এই ভাইৰাছৰ সংক্ৰমণত নিয়ন্ত্ৰিত কৰিবলৈ উঠি-পৰি লাগিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ।

তাৰ মাজতে বৰ্ধিত সংক্ৰমণ নিয়ন্ত্ৰিত কৰিবলৈ দিল্লীত বলৱৎ কৰা হৈছে সপ্তাহজোৰা লকডাউন।

কিন্তু তেনে সময়তে সোমবাৰে এগৰাকী মহিলাই দিছে এই ভয়ংকৰ পৰিস্থিতি মষীমূৰৰ এক উপায়। মহিলা গৰাকীৰ সেই উপাই এতিয়া ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

যিহেতু দিল্লীত অহা সোমবাৰলৈকে বলৱৎ থাকিব লকডাউন। বন্ধ থাকিব সকলো। সেয়েহে সুৰাপায়ী সকলে সেৱন কৰিব নোৱাৰিব সুৰা। সেয়েহে সপ্তাহলৈ জোৰাকৈ সুৰাপায়ী সকলে ক্ৰয় কৰি লৈছে সুৰা।

সুৰাৰ বিপনীত শাৰী পাতিছে সুৰাপায়ী সকলে। সেই অনুসৰি এগৰাকী মহিলা সুৰাপায়ীয়েও সুৰা ক্ৰয় কৰিবলৈ দিল্লীৰ গীতা কলনীৰ এখন সুৰাৰ দোকানত শাৰী পাতিছে।

তেনেতে সাংবাদিকে মহিলা গৰাকীক সোধাত তেওঁ কয় যে, “মই ইয়াত সুৰা ক্ৰয় কৰিবলৈ আহিছো। মোক বেজীয়ে কাম নকৰে, কিন্তু সুৰাই মোক কাম কৰে। মই ৩৫ বছৰে নিয়মিত সুৰা সেৱন কৰি আহিছো। সেয়েহে মই আজিলৈকে কোনো ঔষধ গ্ৰহণ কৰিবলগীয়া হোৱা নাই। ইয়াৰ শাৰীৰ পাতি থকা সকলাে সুৰাপায়ীৰ ক’ৰােনা পৰা নিৰাপদে থাকিব।”

চাওক মহিলাগৰাকীৰ সাক্ষাৎকাৰৰ ভিডিঅ’

মহিলা গৰাকীৰ এই অদ্ভুত যুক্তি আৰু মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে এই মন্তব্যক আমােদজনক আখ্যা দিছে।

লগতে চাওকঃ

ভাগ কােৰোনা ভাগ! কোৰোনা খেদিবলৈ হাতত ভোটা লৈ গাঁওবাসীৰ দৌৰ, ভিডিঅ’ ভাইৰেল

Exit mobile version