তিল-চাউলৰে চিত্ৰ অংকন কৰা যুৱকলৈ ধন্যবাদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তিল-চাউলৰে চিত্ৰ অংকন কৰা যুৱকলৈ ধন্যবাদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

October 18, 2020 0 By NEWS DESK

ছিপাঝাৰ। অসমত বিভিন্ন প্ৰক্ৰিয়াৰে চিত্ৰ অংক কৰে বহু শিল্পীয়ে।

কোনোৱে যদি গছৰ পাতত চিত্ৰ অংকন কৰি চৰ্চা লাভ কৰিছে, আন কোনোৱে পেঞ্চিলেৰে চিত্ৰ অংকন কৰি গঢ়িছে অভিলেখ!

এইবাৰ চাউল ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰা এজন যুৱক চৰ্চিত হৈছে চ’ছিয়েল মিডিয়াত।

কংকন জ্যােতি শইকীয়া

উল্লেখ্য যে দৰং জিলাৰ ছিপাঝাৰৰ কংকন জ্যােতি শইকীয়া নামৰ এগৰাকী উদীয়মান চিত্ৰ শিল্পীয়ে চাউলৰ উপৰি পেঞ্চিত আৰু তিল ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰে।

বিখ্যাত ব্যক্তিসকলৰ উপৰি বহু চৰ্চিত ৰাজনীতিবিদ তথা অন্যান্য বিশিষ্ট ব্যক্তিৰ তিল আৰু চাউল ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰিছে কংকনে।

উদীয়মান শিল্পীজনৰ এই প্ৰতিভাই আকৰ্ষিত কৰিছে সকলোকে।

অলপতে যুৱকজনে ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰ চাউল আৰু তিলেৰে অংকণ কৰি টুইটাৰত প্ৰকাশ কৰিছিল।

সেই ফটো প্ৰত্যক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই টুইটাৰতে কংকনক ধন্যবাদ দিয়ে।

মন্ত্ৰীজনৰ এনে প্ৰতিক্ৰিয়াত উৎসাহিত হৈ পৰিছে এই যুৱ শিল্পীগৰাকী।