তেজপুৰত নহ’ব, আগ্ৰালৈ পঠিয়াব লাগিব হিমন্তকঃ বদৰুদ্দিন আজমল

তেজপুৰত নহ’ব, আগ্ৰালৈ পঠিয়াব লাগিব হিমন্তকঃ বদৰুদ্দিন আজমল

October 8, 2020 0 By NEWS DESK

কলগাছিয়া। ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ২੦২১ৰ অসম বিধানসভাৰ নিৰ্বাচন দুই সভ্যতাৰ মাজত অনুষ্ঠিত হ’ব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ তথা এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে।

বৰপেটা জিলাৰ কলগাছিয়াত অনুষ্ঠিত এখন দলীয় সভাত সাংবাদিকৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে কটু মন্তব্য কৰে আজমলে।

আজমলে কয় যে মুখ্যমন্ত্ৰীত্বৰ সপােন পূৰণ নহােৱাত হতাশাত ভুগিছে হিমন্তই।

মুখ্যমন্ত্ৰীত্বৰ বাবে প্ৰথমে কংগ্ৰেছ দলত বিভাজনৰ চেষ্টা চলাইছিল যদিও বিফল হ’ল।

এইবাৰ বিজেপি দলতাে মুখ্যমন্ত্ৰীত্ব পােৱাৰ সপােন সাৰ্থক হ’ব বুলি আশা কৰিছিল যদিও ৰাম মাধৱে এনে সম্ভাৱনা নাই বুলি ৰাজহুৱাকৈ কােৱাত পুনৰ হতাশ হ’বলগীয়া হ’ল।

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীত্বৰ লালসাত আধা পাগল হৈছে বুলিও কটু মন্তব্য কৰে আজমলে।

আজমলে কয় যে কংগ্ৰেছ – এ আই ইউ ডি এফৰ মিত্ৰতাৰ কথা শুনি তেওঁ সম্পূৰ্ণ পগলা হৈছে।

তেজপুৰৰ চিকিৎসাত তেওঁৰ বেমাৰ ভাল নহব, ২১ ৰ নিৰ্বাচনৰ পিছত তেওঁক দেশৰ সৰ্ববৃহৎ পগলা ফাটেক আগ্ৰাত চিকিৎসা কৰিব লাগিব।

মানুহ জন ভাল হবলৈ আমি প্ৰাৰ্থনা কৰোঁ বুলিও আজমলে কটাক্ষ কৰে।