ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবীত দিল্লীলৈ ৭ বিজেপি বিধায়ক!

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবীত দিল্লীলৈ ৭ বিজেপি বিধায়ক!

October 13, 2020 0 By NEWS DESK

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবীত দিল্লীত বাহৰ পাতিছে ৭ গৰাকী বিজেপি বিধায়কে।

একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ তুলি বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ কৰাৰ দাবীৰে ৰাষ্ট্ৰীয় সভাপতি জে পি নদ্দা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

যি ঘটনাই সম্প্ৰতি ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক খলকনি সৃষ্টি কৰিছে।

বিধায়ক কেইগৰাকী হৈছে- সুশান্ত চৌধুৰী, আশীষ সাহা, আশীষ দাস, দিৱা চন্দ্ৰ ৰাংকুল, বুৰব মহন ত্ৰিপুৰা আৰু ৰাম প্ৰসাদ পাল।

বিধায়ক সুদীপ্ত ৰয় বৰ্মনৰ নেতৃত্বত দিল্লীত বাহৰ পাতিছে দলটোৱে।

সুদীপ্ত ৰয় বৰ্মন দাবী কৰামতে ৩৬ জন বিজেপি বিধায়কৰ ভিতৰত ১২ গৰাকীয়ে তেওঁক সমৰ্থন কৰিছে।

বিসম্বাদী বিধায়কসকলে অভিযোগ কৰামতে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে নিজৰ হাতত ১২ টাকৈ দপ্তৰ ৰাখি একনায়কত্ববাদী শাসন চলাইছে।

উল্লেখযোগ্য যে ৬০ জনীয়া ত্ৰিপুৰাৰ বিধানসভাত বিজেপিৰ ৩৬ গৰাকী বিধায়ক আছে।