তৰুণ গগৈৰ চিকিত্‍সাৰ বাবে বিশেষজ্ঞ চিকিত্‍সকৰ দল গঠনঃ হিমন্ত বিশ্ব শৰ্মা !

তৰুণ গগৈৰ চিকিত্‍সাৰ বাবে বিশেষজ্ঞ চিকিত্‍সকৰ দল গঠনঃ হিমন্ত বিশ্ব শৰ্মা !

August 27, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

বুধবাৰে কৰ’ণাত আক্ৰান্ত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

টুইটাৰযোগে নিজেই এই কথা সদৰি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

তাৰ পাছতেই GMCHত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে গগৈৰ চিকিত্‍সাৰ বাবে এটা বিশেষজ্ঞ চিকিত্‍সকৰ দল সাজু কৰা হৈছে বুলি ইতিমধ্যে টুইটাৰযোগে জনাইছে।

হিমন্তই কয়- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখাৰ বাবে জিএমচিএইচত এখন কমিটী গঠন কৰি দিয়া হৈছে। ডাঃ যোগেশ শৰ্মাৰ নেতৃত্বত গঠন কৰা হৈছে এই কমিটীখন। এই কমিটীখনে প্ৰতি পল দৃষ্টি ৰাখিব তৰুণ গগৈৰ স্বাস্থ্যৰ ওপৰত।

Image