থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ‘ভাবা কৱচে’ প্ৰতিৰোধ কৰিব AK-47ৰ গুলী

থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ‘ভাবা কৱচে’ প্ৰতিৰোধ কৰিব AK-47ৰ গুলী

September 14, 2020 0 By NEWS DESK

দেশৰ নিৰাপত্তা বাহিনীসমূহৰ বাবে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক বুলেট প্ৰুফ জেকেট।

হায়দৰাবাদত থকা মিশ্ৰ ধাতু নিগম লিমিটেড চমুকৈ মিধানিয়ে নিৰাপত্তা বাহিনীৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৰ এই বুলেট প্ৰুফ জেকেটবিধ।

‘ভাবা কৱচ’ হিচাপে নাম দিয়া এই জেকেটবিধে অব্যৰ্থ বুলি জনাজাত এ কে ৪৭ ৰাইফলৰ গুলী অনায়াসে প্ৰতিৰোধ কৰিব পৰে।

উল্লেখ্য, ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (বাৰ্ক)ৰ বিজ্ঞানীয়ে উদ্ধাৱন কৰা প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা বাবেই বুলেট প্ৰুফ জেকেটবিধৰ নাম ‘ভাবা কৱচ’ হিচাপে ৰখা হৈছে।

ইতিমধ্যে কেইবাটাও অৰ্দ্ধসামৰিক বাহিনীক পৰীক্ষামূলকভাৱে ব্যৱহাৰৰ বাবে এই বুলেট প্ৰুফ জেকেট যোগান ধৰা হৈছে।