Site icon NEWS8 NE

থুতৰিত বন্দুক থৈ ছেলফি উঠিবলৈ চেষ্টা কৰি প্ৰাণ গ’ল নৱ বিবাহিতা মহিলাৰ

নিউজ ডেস্ক। ছেলফি উঠিবলৈ গৈ প্ৰাণ যোৱা ঘটনা নতুন নহয়। নিতৌ ছেলফিৰ বাবে মৃত্যু হয় বহুতৰ।

কোনোৱে যদি নদীৰ পাৰত ছেলফি লবলৈ গৈ প্ৰাণ হেৰুৱাই। কোনোৱে আকৌ যান-বাহন আৰু বৰষুণৰ বতৰত ছেলফি লৈ প্ৰাণ হেৰুৱাই।

কিন্তু এইবাৰ আন এক ধৰণে ছেলফি লবলৈ গৈ প্ৰাণ হেৰুৱাই এগৰাকী নৱ বিবাহিতা মহিলাই।

থুতৰিত বন্দুকৰ নলী লগাই ছেলফিৰ চখ পূৰাবলৈ গৈ মৃত্যু হল এগৰাকী মহিলাৰ। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হৰদৈ অঞ্চলত। মৃত্যু হোৱা মহিলা গৰাকীৰ নাম ৰাধিকা গুপ্তা বুলি জানিব পৰা গৈছে।

ৰাধিকা গুপ্তাই হাতত বন্দুক লৈ ছেলফি লবলৈ চাইছিল। আচলতে উত্তৰ প্ৰদেশত এনেদৰে দৃশ্য গ্ৰহণ কৰাটো কোনো আচৰিত কথা নহয়। কিয়নো উত্তৰ প্ৰদেশত বিবাহ অনুষ্ঠানত মুকলিভাৱেই গুলী ফুটোৱা দেখা যায়।

হাতে হাতে বন্দুক লৈ নৃত্য কৰা বা দৃশ্য লোৱা দেখা যায়। অৰ্থাৎ উত্তৰ প্ৰদেশত বন্দুক অতি সাধাৰণ বস্তু। আৰু ঠিক তেনেদৰে এই মহিলা গৰাকীয়েও হাতত বন্দুক লৈ দৃশ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল।

বন্দুক হাতত লৈ ছেলফি লবলৈ গৈ তেওঁৰ যে বিপদ হব, তেওঁ ভাবিবই পৰা নাছিল। কিন্তু গুলীভৰ্তি বন্দুক লৈ ছেলফি লবলৈ গৈ তেওঁৰ হল ভয়ংকৰ বিপদ।

তেওঁ বন্দুকৰ গুলী আঁতৰাই লোৱা নাছিল। তাৰ পৰিৱৰ্তে নিজৰ থুতৰিত বন্দুকৰ নলী লগাই এহাতে বন্দুক ধৰি এহাতে ছেলফি লবলৈ চেষ্টা কৰোঁতেই হঠাতে ওলাই গল গুলী। যাৰ ফলত থুতৰি হৈ সোমাই গল গুলী। আৰু ঘটনাস্থলীতে মৃত্যু হয় তেওঁৰ। অসাৱধানতাৰ বাবেই সংঘটিত হল সেই ঘটনা।

স্থানীয় লোকে জনোৱা অনুসৰি, ২৬ বছৰীয়া ৰাধিকাৰ ছেলফি লোৱাত আছিল অত্যাধিক চখ। আৰু সেই চখ পূৰণ কৰিবলৈ গৈয়েই এই ঘটনাটো সংঘটিত হয়। যোৱা মে’ মাহত বিবাহ হৈছিল তেওঁৰ। বন্দুকটো আছিল তেওঁৰ শহুৰেকৰ।

এক নলাৰ বন্দুকটো আছিল আৰক্ষী থানাত। কাৰণ সেই অঞ্চলত কিছুদিন আগত আছিল পঞ্চায়ত নিৰ্বাচন।

নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হোৱাত যোৱা বৃহস্পতিবাৰৰ দিনা শহুৰেকে ঘূৰাই পাইছিল অনুজ্ঞা পত্ৰ থকা সেই বন্দুকটো।

উল্লেখ্য যে গুলীৰ শব্দ শুনি পৰিয়ালৰ লোক দৌৰি আহিছিল। আহি সকলোৱে মহিলা গৰাকীক ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰে। তেওঁক লৰালৰিকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়।

তেওঁৰ মৃতদেহৰ কাষতেই পৰি আছিল এটা মোবাইল ফোন। য’ত তেওঁ লোৱা এখন ছেলফি উদ্ধাৰ কৰা হয়।

ইপিনে, মৃত মহিলাগৰাকীৰ পিতৃগৃহৰ লােকে এই ঘটনাক সহজে ল’ব পৰা নাই। তেওঁলােকে ইতিমধ্যে ইয়াক যৌতুকজনিক ঘটনা বুলি দাবী কৰি এজাহাৰ দাখিল কৰিছে।

Exit mobile version