দক্ষিণ কামৰূপৰ বৰিহাটত অনুষ্টুপীয়াকৈ উদযাপন শ্ৰীশ্ৰী লক্ষ্মীপূজা

দক্ষিণ কামৰূপৰ বৰিহাটত অনুষ্টুপীয়াকৈ উদযাপন শ্ৰীশ্ৰী লক্ষ্মীপূজা

October 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা।

ক’ৰনাৰ সংহাৰৰ মাজতে ৰাজ্যজুৰি আয়োজন কৰা হৈছে লক্ষ্মী পূজাৰ।

পৰম্পৰা ৰক্ষা কৰি লক্ষ্মী দেৱীক পূজা অৰ্চনাৰ বাবে সাজু হৈছে ভক্তসকল।

পঞ্জিকা অনুসৰি শুক্ৰবাৰে সন্ধিয়া ৫.৩০ মিনিটত লক্ষ্মী পূৰ্ণিমা তিথি আৰম্ভ হোৱাৰ লগতে শনিবাৰে সন্ধিয়া ৭ বজাত অন্ত পৰিব পূৰ্ণিমা তিথি।

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ১৮৮২ চনত স্থাপন হোৱা ঐতিহ্যমণ্ডিত বৰিহাটত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা।

ক’ৰনা মহামাৰীৰ বাবে এইবাৰ পূৰ্বৰদৰে জাকজমকতাৰে পালন কৰিব নোৱাৰিলে দেৱী লক্ষ্মী পূজা।

উল্লেখ্য যে শতিকাগৰকা এই লক্ষ্মী পূজাখন পূৰ্বৰে পৰা তিনিদিনীয়াকৈ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পালন কৰি আহিছিল।

কিন্তু ক’ৰনা মহামাৰীৰ কাৰণে উদযাপন সমিটীয়ে এইবাৰ তিনিদিনৰ পৰিৱৰ্তে এদিনীয়াকৈ লক্ষ্মীপূজা অনুষ্ঠিত কৰে উদ্যোক্তাসকলে।

দক্ষিণ কামৰূপৰ অতি পুৰণি এই পূজাস্থলীত বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ সমবেত হয়।

ক’ভিড প্ৰট’কল মানি আৰু প্ৰশাসনৰ নিৰাপত্তাৰ মাজেৰে ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীয়ে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখ্য যে চৰকাৰে দিয়া নীতি-নিৰ্দেশনা মানি দুপৰীয়াৰ পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে আৰম্ভ কৰি নিশা ১০ বজাত শ্ৰীশ্ৰীলক্ষ্মী পূজা সম্পন্ন কৰে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।