দক্ষিণ শালমাৰাত পুনৰ আৰক্ষীৰ জালত পৰিল ৫০ টা চোৰাং গৰুসহ এজন সৰবৰাহকাৰী!

দক্ষিণ শালমাৰাত পুনৰ আৰক্ষীৰ জালত পৰিল ৫০ টা চোৰাং গৰুসহ এজন সৰবৰাহকাৰী!

October 14, 2020 0 By NEWS DESK

দক্ষিণ শালমাৰাত পুনৰ আৰক্ষীৰ জালত পৰিল চোৰাং গৰু ভৰ্তি নাও।

আৰক্ষীয়ে পুনৰ ৫০ টা চোৰাং গৰু জব্দ কৰাৰ লগতে নাও সহ এজন লোকক আটক কৰিছে।

মঙলবাৰে দক্ষিণ শালমাৰা আৰক্ষীয়ে জব্দ কৰে এই চোৰাং গৰুখিনি।

আটক হোৱা ব্যক্তিজন ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বাউশ কাটা আইৰমাৰী চৰৰ শুকুৰ আলী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শুকুৰ আলীয়ে ৫০ টা চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে নাওৰ যাত্ৰা কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অতুল ৰয় প্ৰধানীৰ অভিযানত মাটিফাটা গাঁৱৰ ওচৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ পৰা আটক কৰিবলৈ সক্ষম হয় শুকুৰ আলীক।

উল্লেখ্য যে, সোমবাৰে ধুবুৰী জিলা আৰক্ষীয়ে গো-মাফিয়া আদম আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।