দলীয় সভাত ভিডিঅ’ কলিঙতে  সমষ্টিৰ নতুন বিধায়কৰ নাম ঘােষণা বদৰুদ্দিন আজমলৰ!

দলীয় সভাত ভিডিঅ’ কলিঙতে সমষ্টিৰ নতুন বিধায়কৰ নাম ঘােষণা বদৰুদ্দিন আজমলৰ!

September 14, 2020 0 By NEWS DESK

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি তথা সহযােগী দলসমূহক উৎখাত কৰিবলৈ কংগ্ৰেছ দলৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে এআইইউডিএফকে ধৰি ৰাজ্যৰ কেবাটাও ৰাজনৈতিক দল।

এই মহাজােঁট সম্পন্ন হ’লেও চূড়ান্ত হােৱা নাই সমষ্টিত ভাগ-বিতৰণৰ অংক।

কিন্তু তাৰ মাজতে এআইইউডিএফৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ এটা ঘােষণা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

মৌলানা বদৰুদ্দিন আজমল

উল্লেখ্য যে খাৰুপেটীয়াত অনুষ্ঠিত হৈছিল দলটােৰ এখন কৰ্মী সভা।

উক্ত সভাখনত উপস্থিত আছিল দলৰ কেবাজনাে বিধায়কৰ উপৰি শীৰ্ষ দলীয় বিষয়ববীয়া।

সভাত সােঁশৰীৰে উপস্থিত নাথাকিলেও ভিডিঅ’ কলিঙৰ জৰিয়তে সভাত চমু ভাষণ প্ৰদান কৰে বদৰুদ্দিন আজমলে।

এই চমু ভাষণতে আজমলে মজিবুৰ ৰহমানক দৰঙৰ দলগাঁও সমষ্টিত পৰৱৰ্তী বিধায়ক হিচাপে ঘােষণা কৰে।

আনকি ‘বিধায়ক মজিবুৰ ৰহমান জিন্দাবাদ’ ধ্বনিও দিলে দলটোৰ হাইকামাণ্ড বদৰুদ্দিন আজমলে।

এই ধ্বনিয়ে সকলোকে আচম্বিত কৰি তােলে, কিয়ন্তাে কিয়নো মিত্ৰতাৰ আসন বুজাবুজি এতিয়াও চূড়ান্ত হােৱা নাই।

তেনেক্ষেত্ৰত এজন কংগ্ৰেছৰ বিধায়ক থকা সত্বেও কেনেকৈ আজমলে নিজ দলৰ নেতাক দলগাঁও সমষ্টিত বিধায়ক হিচাপে ঘােষণা কৰিলে, সেয়া বহুতৰ বাবেই এক নুবুজা সাঁথৰ হৈ ৰ’ল।