‘দাদা’ৰ ৰূপত বিধায়ক শিলাদিত্যঃ দলিয়ালে টোল গে’টৰ কম্পিউটাৰ-সংগৃহীত ধন!

‘দাদা’ৰ ৰূপত বিধায়ক শিলাদিত্যঃ দলিয়ালে টোল গে’টৰ কম্পিউটাৰ-সংগৃহীত ধন!

October 18, 2020 0 By NEWS DESK

এইবাৰ ‘দাদা’ৰ ৰূপত হোজাইৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱ।

শিলাদিত্য দেৱৰ এটা বিশেষ ভিডিঅ’ এতিয়া বিশেষ ভাৱে চৰ্চা লাভ কৰিছে।

ডবকাৰ টোল গে’টত উদ্ভট আচৰণ বহুবল্কী বিধায়ক শিলাদিত্যৰ।

টোলগেটত এইবাৰ 'দাদা'ৰ ৰূপত বিধায়ক শিলাদিত্যঃ কালেকশ্যন চেম্বাৰৰ সংগৃহীত ধন কাঢ়ি লৈ মুখলৈ দিল

খবৰ অনুসৰি বিধায়ক শিলাদিত্য দেৱে ডবকাৰ টোলগেটত লোমাই কৰ্মচাৰীৰ লগত অভাব্য আচৰন কৰাৰ লগতে টোলগেটৰ কৰ্মচাৰী বহি টোলটেক্স সংগ্ৰহ কৰা গৃহত প্ৰবেশ কৰি তাত থকা লেপটপ আৰু আৰু সংগৃহীত টকা পইচা দলিয়াই দিয়া সমগ্ৰ দৃশ্য টোলগেটৰ চি চি টিভি কেমেৰাত বন্দী হৈছে৷

এই চি,চি টি,ভি বন্দী হোৱা দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

অৱশ্যে এই ঘটনা কেতিয়া সংগঠিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই৷

আনাহাতে বিধায়ক গৰাকীৰ কৰ্মকাণ্ডৰ ভিডিঅ চচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ হোজাই জিলাখনতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷