দাম হ্ৰাস পাব দুচকীয়া বাহনৰ ! দুচকীয়া বহনৰ ক্ষেত্ৰত প্ৰযোজ্য জি এচ টি হ্ৰাস কৰাৰ সম্ভাৱনা…

দাম হ্ৰাস পাব দুচকীয়া বাহনৰ ! দুচকীয়া বহনৰ ক্ষেত্ৰত প্ৰযোজ্য জি এচ টি হ্ৰাস কৰাৰ সম্ভাৱনা…

August 26, 2020 0 By NEWS DESK

অতি শীঘ্ৰে দুচকীয়া বাহনৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

দীপাৱলীৰ সময়ৰ পৰা হ্ৰাস পাব পাৰে দুচকীয়া বাহনৰ দাম।

কিয়নো কেন্দ্ৰীয় চৰকাৰে দুচকীয়া বাহনৰ ক্ষেত্ৰত থকা পূৰ্বৰ জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।

জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ সন্দৰ্ভত চৰকাৰে পৰ্যালোচনা কৰি থকাৰ কথা মঙলবাৰে জানিবলৈ দিয়ে বিত্ত মন্ত্ৰী নিৰ্মলাৰমণ সীতাৰমণে।

জি এছ টি বৈঠকৰ পিছতে লোৱা হ’ব পাৰে এই সিদ্ধান্ত।

অহা ১৯ ছেপ্তেম্বৰত আছে জি এছ টি কাউঞ্চিলৰ বৈঠক।

ল্লেখযোগ্য যে, যোৱা বছৰ হিৰ’ই চৰকাৰক দুচকীয়া বাহনৰ ক্ষেত্ৰত জি এচ টি হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল।

জি এছ টি হ্ৰাস কৰাৰ পৰামৰ্শ সন্দৰ্ভত বিত্ত মন্ত্ৰী সীতাৰমণে কয় যে বাস্তৱ ক্ষেত্ৰত এইটো এটা ভাল পৰামৰ্শ, এইটো জি এছ টি কাউন্সিলৰ বৈঠকত উত্থাপন কৰা হ’ব, কিয়নো দুচকীয়া বাহন বিলাসী সামগ্ৰীত নপৰে।

বৰ্তমান দুচকীয়া বহনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকা ২৮ শতাংশ জি এচ টি হ্ৰাস কৰাৰ আছে সম্ভাৱনা।

যদিহে দুচকীয়া বহনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকা ২৮ শতাংশ জি এচ টি কেন্দ্ৰীয় চৰকাৰে হ্ৰাস কৰে, তেন্তে নিশ্চয়কৈ কমিব দুচকীয়া বাহনৰ দাম।