দিল্লীলৈ গৈ ক’ভিড-১৯ পজিটিভ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, স্বাস্থ্যমন্ত্ৰীও পজিটিভ

দিল্লীলৈ গৈ ক’ভিড-১৯ পজিটিভ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, স্বাস্থ্যমন্ত্ৰীও পজিটিভ

September 16, 2020 0 By NEWS DESK

ক’ভিড-১৯ত আক্ৰান্ত হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু।

টুইটাৰৰ জৰিয়তে নিজেই এই কথা ৰাজহুৱা কৰিছে খাণ্ডুৱে।

ইয়াৰ বাবে আইচ’লেশ্যনত থকা বুলি প্ৰকাশ কৰাৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলােকে SOP মানি চলিবলৈ আহ্বান জনাইছে খাণ্ডুৱে।

উল্লেখ্য যে সম্প্ৰতি নতুন দিল্লীত থকা খাণ্ডুৱে সােমবাৰে নিশা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন, সাংসদ টাপিৰ গাও আৰু মুখ্য সচিব নৰেশ কুমাৰেও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল।

যােৱা ১৩ চেপ্টেম্বৰত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী আলাে লিবাঙাে দুদিন পূৰ্বে ক’ভিড-১৯ পজিটিভ বুলি টুইটাৰযােগে প্ৰকাশ কৰিছিল।

অৰুণাচল প্ৰদেশৰ কৃষিমন্ত্ৰী টাগে টাকিও কৰােনাত আক্ৰান্ত হৈছে।

ৰাজ্যখনত কৰােনা ভাইৰাছৰ সংক্ৰমণে শেহতীয়াকৈ জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।