NEWS8 NE

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ১੦੦ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী পত্নীৰ…

নিউজ ডেস্ক। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াই অনাহকত ৰিণিকি ভূঞা শৰ্মাৰ নাম পিপিই কিট কেলেংকাৰীত সাঙোৰাৰ অভিযোগত এই গোচৰ তৰিছে ৰিণিকি ভূঞা শৰ্মাই।

মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈ গুৱাহাটীৰ চিভিল আদালতত এই গোচৰ তৰিছে অধিবক্তা পদ্মধৰ নায়কে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসমৰ পিপিই কিট কেলেংকাৰীক লৈ দিল্লীত এক সংবাদমেল সম্বোধন কৰিছিল আপ নেতা মনীষ ছিছদিয়াই।

সংবাদমেলত পিপিই কিট কেলেংকাৰীৰে জেছিবি ইণ্ডাষ্ট্ৰীছ আৰু ৰিণিকি ভূঞা শৰ্মা জড়িত থকাৰ অভিযোগ তুলিছিল ছিছদিয়াই।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ এই অভিযোগৰ বাবেই তেওঁৰ বিৰুদ্ধে এশ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছে ৰিণিকি ভূঞা শৰ্মাই।

Exit mobile version