দীৰ্ঘ বিৰতিৰ পিছত দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ’ব কামাখ্যা দেৱালয়!

দীৰ্ঘ বিৰতিৰ পিছত দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ’ব কামাখ্যা দেৱালয়!

October 10, 2020 0 By NEWS DESK

দীৰ্ঘ বিৰতিৰ পিছত দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ’ব কামাখ্যা দেৱালয়।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সৈতে আলোচনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে।

এই সময়ত ভক্তসকলে মানিব লাগিব কেতবোৰ কৰ’ণাকেন্দ্ৰীক নীতি নিৰ্দেশনা।

সেই মৰ্মে পুৱা ৮ বজাত ভক্তসকলৰ বাবে দেৱালয়ৰ দুৱাৰ খোলা হ’ব। সূৰ্যাস্তৰ লৈকে খোলা থাকিব দেৱালয়।

অৱশ্যে নৱৰাত্ৰি বা দূৰ্গাপূজাৰ সময়ত এই সময় সলনি হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিগৰাকী ভক্তই ৰেপিড এন্টিজেন টেষ্ট কৰাটো বাধ্যতামূলক।

প্ৰতিগৰাকী ভক্তই কেৱল ১৫ মিনিটতে দেৱালয়ৰ ভিতৰত থাকিব পাৰিব।

প্ৰতিগৰাকী ভক্তই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

নাৰ্ছাৰীত স্বাস্থ্য বিভাগে স্থাপন কৰা মেডিকেল কেম্পত কৰ’ণা পৰীক্ষা কৰাটো প্ৰতিজন লোকৰ বাবেই বাধ্যতামূলক।

অৱশ্যে কোনো লোকে যদি শেহতীয়াকৈ ভ্ৰমণৰ ৩ দিনৰ ভিতৰত কভিড টেষ্ট কৰি নিগেটিভ হৈছিল তেওঁলোকে নিজৰ ৰিপোৰ্ট দেখুৱাই প্ৰৱেশ কৰিব পাৰিব।