NEWS8 NE

দুঃখবৰ! নিপন গোস্বামীৰ পিছত এইবাৰ মহাপ্ৰস্থান ঘটিল চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ…

যশস্বী অভিনেতা নিপন গোস্বামীৰ পিছতে খহি পৰিল আন এটা উজ্বল নক্ষত্ৰ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ।

শুকুৰবাৰে বিয়লি ৩.১৫ বজাত হাস্পতালত প্ৰাণ ত্যাগ কৰে নীলপৱন বৰুৱাই।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল চিত্ৰশিল্পীগৰাকী।

২২ ছেপ্টেম্বৰত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

হাস্পতালত চিকিৎসকৰ সকলো প্ৰচেষ্টাৰ পিছতো শুকুৰবাৰে মহাপ্ৰস্থান ঘটে ৰং-তুলিকাৰে জগত জিনা মহীৰূহ গৰাকীৰ।

অভিনেতা নিপন গোস্বামীৰ দেহাৱসানে ৰাজ্যবাসীক শোকস্তব্ধ কৰি ৰখাৰ সময়তে চিত্ৰশিল্পীগৰাকীৰ বিয়োগে মৰ্মাহত কৰিছে সকলোকে।

Exit mobile version