NEWS8 NE

দুঃখবৰ! প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ দেহাৱসান…

নিউজ ডেস্কঃ প্ৰবীণ অভিনেতা বিক্ৰম গোখলে আৰু নাই।

শুকুৰবাৰে বিয়লি চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ৫ নৱেম্বৰৰ পৰা পুনেৰ দীননাথ মংগেশকাৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৭৭ বৰ্ষীয় অভিনেতাগৰাকী।

শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছিল যদিও শুকুৰবাৰে নিশাৰ পৰা পুনৰ অৱনতি ঘটাত হাস্পতালৰ ভেণ্টিলেশ্যনত ৰখা হয়।

কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাইও জীৱন দিব নোৱাৰিলে প্ৰবীণ অভিনেতাগৰাকীক।

মাৰাঠী মঞ্চাভিনয়ৰে অভিনয় যাত্ৰাৰ আৰম্ভণি কৰা বিক্ৰম গোখলেৰে হাম দিল দে চুকে চনম ছবিত ঐশ্বৰ্য ৰায়ৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও অগ্নিপাথ (১৯৯০), খুদা গৱাহ, ইনছাফ, চেলিম লাংড়ে পে মত ৰো, ভূল ভুলাইয়া, মিছন মংগল আৰু আইয়াৰী আদি হিন্দী চিনেমাত তেওঁ অভিনয় কৰিছে।

তেওঁ অভিনয় কৰা মাৰাঠী ছবিৰ ভিতৰত নটসম্ৰাট, লাপাণ্ডৱ, কালত নাকালত, বজিৰ, বালা গৌ কাশী আংগাৰ, অনুমতি, মুক্তা, মে শিৱাজী পাৰ্ক আৰু এ বি আনী চিডি অন্যতম।

অন্যহাতে অভিনয়ৰ লগতে আঘাত ছবিৰ জৰিয়তে মাৰাঠী পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল গোখলেয়ে। ইয়াৰোপৰি হিন্দী আৰু মাৰাঠী কেইবাখনো ধাৰাবাহিকত তেওঁ কৰা অভিনয় আজিও দৰ্শকৰ মনত জীপাল হৈ আছে।

গোখলেয়ে ২০১৩ চনত মাৰাঠী চিনেমা ‘অনুমতি’ৰ বাবে ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।

বিক্ৰম গোখলেক শেষবাৰৰ বাবে দেখা গৈছিল চলিত মাহৰ আৰম্ভণিতে চিনেমাগৃহত মুক্তি পোৱা মাৰাঠী ছবি গোদাৱৰীত।

Exit mobile version